এই গোপন কথা আনক কেতিয়াও কব নালাগে নহ’লে মহাবিপদ !

WhatsApp Follow

পুৰুষৰ তুলনাত নাৰী কিছু পৃথক, নাৰীয়ে সকলো কথা আনৰ আগত কৈ ভাল পাই আৰু পুৰুষে বহু সময়ত বহু কথা গোপনে ৰাখি ভাল পাই। আৰু বহুকথা পুৰুষে আনৰ আগত প্ৰকাশ কৰা অনুচিত। এই কথা মানি চলিলে নিজৰ জীৱন আনৰ তুলনাত নিঃসন্দেহে ভাল হয়, জীৱনত কেতিয়াও আনৰ পৰা নীচ কথা শুনিব লগীয়া নহয়। এনে তিনিধৰণৰ কথা হৈছে :-

১) কোনো পুৰুষৰ নিজৰ স্ত্ৰীৰ চৰিত্ৰ যিমানেই ভাল , যিমানেই বেয়া নহওঁক কিয় আনক কব নালাগে। নিজৰ স্ত্ৰী পৰিয়ালৰ সৈতে সুখী জীৱন কটাবলৈ হ’লে তেওঁৰ ভাল, বেয়া চৰ্চা নকৰি বৰং এই ভাল বেয়াৰ সৈতে নিজকে খাপ খুৱাই বুজাবুজিৰ মাজেৰে সংসাৰ আগবঢ়াই নিয়া বুদ্ধিমান লোকৰ কাম।

২) প্ৰচলিত যে পুৰুষৰ আয় আৰু ছোৱালীৰ বয়স সদায় গোপনে ৰাখিব লাগে। নিজৰ আয়ৰ কথা অইন লোকক কলে বিপদ আহিব পাৰে। কাৰণ আয় বেছি হ’লে নিজৰ বন্ধু বান্ধবে প্ৰথমতে আপোনাক ঈৰ্ষা কৰা আৰম্ভ কৰিব আৰু পিছত আপোনাৰ উন্নতি দেখিলে হিংসা পৰ্য্যন্ত কৰিব পাৰে। আৰু যদি আপোনাৰ আয় কম হয় ! তেন্তে পৰলোকে আপোনাক ঠাট্টা মস্কৰা কৰিব।

৩) যদিহে নিজৰ ব্যৱসায়ত লোকচান হয় সেই কথা আনৰ আগত প্ৰকাশ কৰি দুখ নকৰাই ভাল। এই কথা প্ৰকাশ কৰিলে অইন ব্যৱসায়ীয়ে সুবিধা বুজি আপোনাক আঘাত হানি আপোনাৰ জনপ্ৰিয়তা নষ্ট কৰিবলৈ চেষ্টা কৰিব । যদিহে বিপদত পৰিছে নাইবা অৱস্থা অচল হৈছে তেন্তে প্ৰকৃত বন্ধু নাইবা অতি আপোনজনৰ ওচৰতহে সাহাৰ্য্য বিচাৰক, হয়তো তেওঁলোকে মূৰ তুলি চাব পাৰে।


আৰু পঢ়ক
>> আচাৰ্য চাণক্যৰ মতে স্বামীয়ে এই ৪টা কথা সদায় পত্নীৰ পৰা লুকুৱাই ৰাখিব লাগে
>> সৰুৰেপৰা এই ৭ টা গুণ সন্তানক শিকাব লাগে !


৪) কেতিয়াবা শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল হৈ পৰিলেও আনক জনাব নালাগে , নিজৰ মাজতে লুকাই ৰাখিব লাগে। কাৰণ আনৰ ওচৰত কৈ ফুৰিলে তেওঁলোকে সহানুভূতিৰ চলেৰে আপোনালোক দুৰ্বল কৰিব পাৰে। সেয়ে এনে নকৰি নিজৰ একাগ্ৰতা আৰু সাধনাৰ দ্বাৰা এই দুৰ্বলতা দূৰ কৰাই শ্ৰেয়।

Leave a Comment